পি এম এফ এম ই আঁচনি

আজিৰ পৃথিৱীৰ অৱস্থাই আমাক শিকাইছে যে এখন (আত্মনিৰ্ভৰ ভাৰত) “আত্মনিৰ্ভৰ ভাৰত” একমাত্ৰ পথ। খাদ্য প্ৰক্ৰিয়াকৰণ উদ্যোগৰ অসংগঠিত খণ্ডত বৰ্তমানৰ ব্যক্তিগত ক্ষুদ্ৰ উদ্যোগসমূহৰ প্ৰতিযোগিতামূলক ক্ষমতা বৃদ্ধি কৰাৰ লগতে খণ্ডটোৰ আনুষ্ঠানিককৰণৰ প্ৰসাৰৰ লক্ষ্যৰে খাদ্য প্ৰক্ৰিয়াকৰণ উদ্যোগ মন্ত্ৰালয়ে আত্মনিৰ্ভৰ ভাৰত অভিযানৰ অধীনত পিএম এফএমই আঁচনি আৰম্ভ কৰিছে। ২০২০-২১ ৰ পৰা ২০২৪-২৫ চনলৈ ৫ বছৰৰ ভিতৰত কাৰ্যকৰী হ’বলগীয়া এই আঁচনিখনৰ মুঠ ব্যয় ১০ হাজাৰ কোটি টকা।

কৃষি-খাদ্য প্ৰক্ৰিয়াকৰণত নিয়োজিত গোট যেনে কৃষক উৎপাদক সংস্থা (এফ পি অ’), আত্মসহায়ক গোট (এছ এইচ জি) আৰু উৎপাদক সমবায়সমূহক তেওঁলোকৰ সমগ্ৰ মূল্য শৃংখলত সহায় কৰাত আঁচনিখনে বিশেষভাৱে গুৰুত্ব আৰোপ কৰিছে। খাদ্য প্ৰক্ৰিয়াকৰণ উদ্যোগ মন্ত্ৰালয়ে ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চল চৰকাৰৰ সৈতে অংশীদাৰিত্বৰে বৰ্তমানৰ ক্ষুদ্ৰ খাদ্য প্ৰক্ৰিয়াকৰণ উদ্যোগসমূহৰ উন্নীতকৰণৰ বাবে বিত্তীয়, কাৰিকৰী আৰু ব্যৱসায়িক সহায় আগবঢ়াব।